ৰঙামাটিত বনৰীয়া হাতীৰ অবাধ বিচৰণ
HTML-код
- Опубликовано: 27 ноя 2024
- ৰঙামাটিত দিনে - নিশাই পকা শালি ধানত বনৰীয়া হাতীৰ অবাধ বিচৰণ ; বন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ
দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ বিজয়নগৰৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত পকিবলৈ ধৰা শালিধান কৃষক ৰাইজে কাটিবলৈ আৰম্ভ কৰাৰ প্ৰাকক্ষণত অব্যাহত আছে বনৰীয়া হাতীৰ মুক্ত বিচৰণ ।
বিগত প্ৰায় এটা মাহ ধৰি সন্ধিয়াৰ পাছত খাদ্যৰ সন্ধানত ওলাই অহা আঠ - নজনীয়া বনৰীয়া হাতীৰ জাকে প্ৰায় ৩০ বিঘাৰো অধিক শালি ধান গছকি নষ্ট কৰিছে । আনকি দিনৰ ভাগতে কেবাটাও হাতীক পথাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰি হাতীৰ আক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে ৰাইজ।